Thursday, April 12, 2012
Nibir
স্বাগতম পাঠকবৃন্দ,আজি ব্লগ অসমত প্রথমবাৰৰ বাবে সম্পূর্ণ অসমীয়াত এটি ব্লগ পোষ্ট লিখিবলৈ লৈছো । এটা সম্পূর্ণ অসমীয়া ব্লগ বুলি কোৱা সত্বেও ব্লগ অসমত অসমীয়াত পোষ্ট লিখিব নোৱাৰৰ আক্ষেপ এটা সদায়েই আছিল তথাপিও ব্লগৰ SEO ৰ তাড়নাতেই হওক বা ম'বাইলত অসমীয়াত ব্লগ পঢ়াৰ অসুবিধাৰ বাবে সেই আশা পূর্ণ হোৱা নাছিল । কিন্তু আজি এই ৰঙালী বিহুৰ বিশেষ প'ষ্টটো অসমীয়াত লিখিবলৈ পাই মই অতিশয় আনন্দিত । আজি এই ব'হাগ বিহুৰ প্রাক্ক্ষণত মই এই বিশেষ পোষ্টৱ জৰিয়তে অসমকে ধৰি বিশ্বৰ চুকে-কোণে বিয়পি থকা সমূহ অসমীয়া ৰাইজলৈ ৰঙালী বিহুৰ ওলগ ও শুভেচ্ছা যাচিলো । আশাকৰো আগন্তুক বছৰটোৱে আপোনালোকৰ জীৱনলৈ সুখ,শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে । লগতে আশা কৰিছো যাতে এই বছৰটোত অসমীয়া তথ্যপ্রযুক্তি উন্নতিৰ দিশে আগবাঢ়ি যায় আৰু নতুন অসমীয়া উন্মুক্ত চফটৱেৰৰ বিকাশ হয় যাৰ জৰিয়তে ইন্টাৰনেটত অসমীয়া লিখাৰ বাবে আমি বাংলা ভাষাৰ চফটৱেৰৰ সহায় ল'বলগীয়া নহয় লগতে বর্তমান বিশ্বৰ জনপ্রিয় CMS সমূহ যেন অসমীয়াত বিকাশ লাভ কৰে।
পাৰ হৈ যোৱা বছৰটোত ব্লগ অসমৰ প্রতি আপোনালোকে দেখুওৱা সঁহাৰিৰ বাবে এই চেগতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো আৰু আশা কৰিছো যে অনাগত দিনবোৰতো ব্লগ অসমে আপোনালোকৰ পৰা এনেদৰে সঁহাৰি পাই থাকে । বিহু বিশেষ পোষ্ট হোৱা বাবে এই পোষ্টটোত কোনো চফটৱেৰ,প্রবন্ধ আদি সংযুক্ত কৰা নহ'ল কিন্তু ভৱিষ্যতে নতুন উদ্যমেৰে ইন্টাৰনেটত অসমীয়া ভাষাক সমৃদ্ধ কৰাৰ প্রতিশ্রুতিৰে পুনৰ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই এই বিহু বিশেষ পোষ্টৰ ইয়াতে সামৰণি মাৰিলো.....................